ডিব্ৰুগড়ঃ অসম সত্ৰ মহাসভাৰ ডিব্ৰুগড় জিলা সমিতি নতুনকৈ গঠন কৰা হয়৷ ইতিহাস প্ৰসিদ্ধ মায়ামৰা মদাৰখাঁট সত্ৰত ডিব্ৰুগড় জিলা সত্ৰ মহাসভাৰ এখন সভা অনুষ্ঠিত হয়।
সভাত সকলোৰে সৰ্বসন্মতি সাপেক্ষে মদাৰখাঁট সত্ৰৰ সত্ৰাধিকাৰ উৎসৱনন্দ গোস্বামীক সভাপতি, লেজাই সোণাৰী পাৰ সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ মহন্তক কাৰ্যকৰী সভাপতি, গড়পৰা সত্ৰৰ সত্ৰাধিকাৰ জগতানন্দ গোস্বামীক উপ-সভাপতি আৰু ত্ৰৈলোক্য গগৈক সম্পাদক হিচাপেলৈ ডিব্ৰুগড় জিলা সত্ৰ মহাসভাৰ সমিতি গঠন কৰা হয়।