ডিফুঃ সহজতে ধন ঘটাৰ ফান্দ পাতি ৰঙা ঘৰৰ আলহী হ’ল তিনি যুৱক৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সদৰ ডিফুত আজি তিনি ভূৱা স্বয়ম্ভূ ইউপিএলএ সদস্যক ডিফু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ ডিফুৰ এগৰাকীক ব্যৱসায়িক ধন দাবী কৰি হত্যাৰ ভাবুকি প্ৰদান কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় তিনি যুৱকক৷
মঙলবাৰে নিশা ডিফু নগৰৰ আৰক্ষীয়ে আৰক্ষী বিষয়া চিৰাজ ইংতি আৰু সহকাৰী উপ-পৰিদৰ্শক আবুল ফাৰুকৰ নেতৃত্বত এটি দলে অভিযান চলাই ডিফুৰ হৰিলাল বস্তিৰ পৰা অমৰ চিং ৰংহাঙ (২৭), মাটিপুঙৰ পৰা হৰেণ চিং চিংনাৰ (২২) আৰু চেৰলং এহৰ পৰা পাহাৰ চিঙ ইংতিক আটক কৰিবলৈ সক্ষম হয়৷ ব্যৱসায়ী প্ৰীতম দাগাক ২৫ জুনত দুটাকৈ মবাইল নম্বৰৰ পৰা ফোন কৰি ৫০ লাখ টকা দাবী কৰে৷