তেজপুৰঃ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা ৰোগী অন্তৰ্ধান হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি দেওবাৰে তেজপুৰৰ সোনাবিলত তিনি যুৱক উঠি অহা মটৰ চাইকেল এখনে জুনু ভুঞা নামৰ মহিলা এগৰাকীক খুন্দিয়াই গুৰুত্ব ভাৱে আহত কৰাৰ লগতে বাইক আৰোহী তিনিজন যুৱকো আহত হৈছিল।
দুৰ্ঘটনাত আহত আটাইকেইজনকে তেজপুৰ কনকলতা চিভিল হস্পিতালত ভৰ্তি কৰা হৈছিল। কিন্তু সংকটজনক অৱস্থাত জিনু ভূঞা নামৰ মহিলা গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা পৰতে আদবাটতে মহিলা গৰাকৰীৰ মৃত্যু ঘটে৷