ধুবুৰীঃ ৰাজ্যৰ জৰাজীৰ্ণ পথ সমূহ মেৰামতি কৰিবলৈ ৰাজ্য চৰকাৰে গড়কাপ্তানী বিভাগকটোক যোৱা ৩১ মাৰ্চলৈকে নিৰ্ধাৰিত সময়সীমা বান্ধি দিয়া স্বত্বেও ফলবৰ্তী নহ’ল চৰকাৰী সময়সীমা৷এতিয়াও ৰাজ্যৰ অধিকাংশ পথ জৰাজীৰ্ণ হৈ পৰি আছে৷
আনহাতে যিবোৰ পথ নতুনকৈ মেৰামতি কৰী হ’ল, সেইবোৰ পথৰ অৱস্থাও এতিয়া তথৈবচ৷ গড়কাপ্তানী বিভাগৰ চৰম গাফিলতি আৰু দুৰ্নীতিৰ বাবে এতিয়া জীয়াতু ভূগিছে সাধাৰণ ৰাইজে৷ গড়কাপ্তানী বিভাগৰ দুৰ্নীতি আৰু গাফিলতিৰ প্ৰমাণ পোৱা গৈছে ধুবুৰী জিলাৰ গৌৰীপুৰতো৷