কলিয়াবৰঃ তুমি নুবুজিবা সখী কিনো বেদনাত/ ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি/ বিজয়াৰ বিফল সন্ধ্যাত৷ শেৱালীৰ সুৱাসেৰে বুকু শাত পেলাবলৈ আহি আছে শৰত৷ ন উচাহৰ চাদৰ গাত মেৰিয়াই শৰত আহিব৷ কহুৱা ফুলিব৷ নিজান ৰাতিৰ জোনাক হৈ বাঢ়িব বুকুৰ হেপাঁহ৷ শৰত মানেই এক নতুন ঋতু৷ শৰত মানেই এক নতুন খবৰ৷ শৰত মানেই এক নতুন শক্তি৷
শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটিমান দিন বাকী। ঠায়ে ঠায়ে দুৰ্গোৎসৱৰ প্ৰস্তুতি চলি থকাৰ সময়তে কলিয়াবৰত দেৱীৰ প্ৰতিমাক জীৱন্ত ৰূপ দিয়াত ব্যস্ত হৈ আছে এগৰাকী যুৱতী। মৃন্ময় শিল্পক জীৱিকাৰ পথ হিচাপে বাচি লৈ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰখনতো পিছ পৰি ৰোৱা নাই এই যুৱতীগৰাকী।