খেৰণিঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত সুলভ মুল্যৰ খাদ্য যোগানৰ ক্ষেত্ৰত এক বিশেষ ভুমিকা পালন আৰু সেৱা আগবঢ়াই আহিছে জিলাখনত থকা অতি গুৰুত্বপূৰ্ণ বহুমুখী সমবায় সমিটিসমুহে৷ আৰু এই সমিটিসমুৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ বাবে প্ৰয়োজন এখন নিখুত পৰিচালনা সমিটিৰ৷ এই নিয়মাৱলীৰ ভিত্তিত পৰিচালনা সমিটি গঠন কৰাৰ ক্ষেত্ৰত এতিয়া পাহাৰীয়া জিলাখনত ইখনৰ পাছত সিখনকৈ সমবায় সমিটি বিজেপিৰ দখলত যোৱা পৰিলক্ষিত হৈছে৷
আনকি পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৱৰ্তী এলেকাৰ লংহেমফিত অৱস্থিত ৰংপাংবং-কান্দুলি সমবায় সমিটিও এতিয়া বিজেপিৰ বান্ধোনত বান্ধ খাই পৰিছে৷ উল্লেখ্য যে উক্ত সমবায় সমিটিৰ কাৰ্যালয় চৌহদত পূৰ্বৰ পৰিচালনা সমিটিৰ উদ্যোগত আয়োজন কৰা এখন সভাৰ জৰিয়তে যোৱা শনিবাৰে ৰংপাংবং-কান্দুলি সমবায় সমিটিৰ এখন নতুন পূৰ্ণাংগ পৰিচালনা সমিটি গঠন কৰে সমবায়ৰ কৰ্তৃপক্ষই৷