54
ধনশিৰিঃ প্ৰগতি আৰু পৰিৱৰ্তনৰ শ্ল’গান গাই ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লোৱা মিত্ৰজোঁটৰ চৰকাৰখনৰ উন্নয়নৰ ফোপলা স্বৰূপ উদঙাইছে ৰাজ্যৰ জৰাজীৰ্ণ পথ আৰু দলং সমূহে৷
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ পাভজানত থকা এখন পকী দলং বিধস্ত হোৱাৰ ফলত বৰ্তমান এখন বাঁহৰ দলঙেৰে অঞ্চলটোৰ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে বিপজ্জনক ভাৱে অহা-যোৱা কৰিব লগা হৈছে।