দলংঘাটঃ ভাৰতীয় ৰেডক্ৰচ চচাইটিৰ অসম শাখাই আজি দৰং জিলাৰ কেইখনমান শিক্ষানুষ্ঠানত সামগ্রী বিতৰণ কৰে।
মংগলদৈ ৰেডক্ৰচ শাখাৰ সহযোগত ভাৰতীয় ৰেডক্ৰচ চচাইটিৰ অসম শাখাৰ পৰা অহা কৰ্মকতাসকলে মঙলদৈ মহাবিদ্যালয়, দেওমৰনৈ মহাবিদ্যালয়, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং জ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়, উত্তৰ বাঘৰবাৰী প্ৰাথমিক বিদ্যালয়, বেজপাৰা অংগনবাদী কেন্দ্ৰত উপস্থিত হৈ শিক্ষানুষ্ঠান সমূহৰ মুৰব্বী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ হাতত অৰ্পণ কৰে ফিল্টাৰ আৰু ডাষ্টবিন৷