গোলকগঞ্জঃ স্বচ্ছাতাই সেৱা বিষয়ক দেশজুৰি চলি থকা প্ৰচাৰ অভিযানৰ অংশ হিচাপে দেওবাৰে ধুবুৰী চহৰত চাফাই অভিকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷
এই শ্ৰমদান কাৰ্যসূচীত জিলা উপায়ক্ত ধীৰাজ চৌধুৰী, অতিৰিক্ত উপাযুক্ত পল্লৱ মজুমদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই প্ৰমূখ্যে কৃষি, কৰ, গড়কাপ্তানি, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ জ্যেষ্ঠ বিষয়া, নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱী, বি এন কলেজৰ এন চি চি ছাত্ৰ আৰু শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।