গোলকগঞ্জঃ অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ আমূল পৰিবৰ্তন হোৱা বুলি ঢাক-ঢোল বজাইছে যদিও বাস্তৱ ক্ষেত্ৰত কোনো পৰিবৰ্তন হোৱা দেখা নগ’ল স্বাস্থ্য সেৱাৰ। বিটিএডি কোকৰাঝাৰ জিলাৰ ২৮ নং গোসাইগাঁও বিধান সভা সমষ্ঠিৰ অন্তৰ্গত ঠাকুৰপুৰ (ডিংডিঙা)ৰ নৱ নিৰ্মীত চিকিৎসালয়খন নিৰ্মান হ’ল যদিও আজিলৈকে মুকলি নহ’ল। স্বাস্থ্য বিভাগে আজিলৈকে নিযুক্তি দিব নোৱাৰিলে চিকিৎসক।
ফলত জহি-খহি গৈছে কোটি কোটি টকা খৰচ কৰি নিৰ্মান কৰা চিকিৎসালয়খন৷ ইমান দিনে স্থানীয় বিভিন্ন দল-সংগঠন আৰু সচেতন মহলে স্বাস্থ্য বিভাগ তথা বিটি এডি মুৰব্বী হাংগ্ৰামা মহিলাৰীক চিকিৎসালয়খন মূকলি কৰি চিকিৎসক নিযুক্তি দিয়াৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।