যোৰহাট/গুৱাহাটীঃ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, অসমীয়া জাতীৰ প্ৰভূত্বৰ প্ৰতি সংকট আহি পৰিছে৷ শেহতীয়াকৈ চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড আৰু জুৰীয়া কাণ্ডই ইয়াকে প্ৰমাণ কৰে৷ চিলাপথাৰ চ’ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল একাংশ অনা-অসমীয়াই। সেই ঘটনাই তিনি মাহ পাৰ হৈ যোৱাৰ পাছত পুনৰ একাংশ সন্দেহজনক লোকে নগাঁৱত আক্ৰমণ কৰিলে থলুৱাক৷ নগাঁৱত আক্ৰমণ কৰে প্ৰাক্তন আলফাৰ এটি দলক৷
বান সাহায্য বিছাৰি যোৱা প্ৰাক্তন আলফাক ব্যৱসায়ীয়ে হত্যাৰ চেষ্টা কৰা ঘটনাই উত্তাল হয় ৰাজ্য৷ জুৰীয়াত অসমীয়াৰ চেনেহৰ গামোচা জ্বলাই আঘাত দিয়ে অসমীয়াক৷ ৰাজ্যত ক্ৰমান্বয়ে এটি জাতীয়তাবাদ বিৰোধি চক্ৰই শ্বহিদবেদী, সুধাকন্ঠৰ প্ৰতিচ্ছবি দলিওৱাৰ লগতে গামোচা জ্বলাই অসমত দপদপনি বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ তাৰ মাজতে যোৰহাটত একত্ৰিত হ’ব ৰাজ্যৰ কেইবাটাও দল-সংগঠন৷