লংকাঃ চাকৰি দিয়াৰ প্ৰলোভনৰে শিক্ষিত নিবনুৱাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এটা প্ৰবঞ্চকক মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চৌদি আৰৱৰ মক্কা আৰু মদিনাৰ ‘হজ খেদমত’ পৰিচালনা কৰাৰ নামত লাখ লাখ টকা প্ৰবঞ্চনাৰে সংগ্ৰহ কৰা প্ৰবঞ্চকটোৰ নাম হ’ল প্ৰদীপ সৰকাৰ।
প্ৰবঞ্চকটোৱে চাকৰি দিয়াৰ নামতো শিক্ষিত নিবনুৱাক প্ৰলোভিত কৰি লাখ লাখ টকা লুণ্ঠন কৰিছিল বূুলি অভিযোগ আছে। হোজাই জিলাৰ লংকাৰ এই প্ৰবঞ্চকটোৱে নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ ঘৰ লৈ ‘পাপৰি জব কনচালটেন্সি’ নামৰ এটা প্ৰতিষ্ঠান খুলি ভূৱা নিযুক্তিৰ বেহা চলাইছিল।