কাজিৰঙাঃ পূজাৰ বতৰতে কেজুৱেল বনকৰ্মীৰ বাবে সুখৱৰ লৈ আহিছে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷ বৃহস্পতিবাৰে নিশা বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত উপস্থিত হৈ কেজুৱেল বনকৰ্মীৰ পদসমূহ অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰা হ’ব বুলি ঘোষণা কৰে৷ তদুপৰি বানে ধোৱা কাজিৰঙাৰ চাৰিওটা ৰেঞ্জ পুনৰ ২ অক্টোবোৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বুলিও জানিবলৈ দিয়ে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷
অলপতে বনকৰ্মীৰ হতত এটা গঁড় নিহত হোৱা ঘটনাত দুখ প্ৰকাশ কৰে বনমন্ত্ৰী গৰাকীয়ে৷ অৱশ্যে বনকৰ্মীগৰাকীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলগীয়া হোৱাৰ বাবেই বনকৰ্মী গৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি বনমন্ত্ৰীগৰাকীয়ে জনায়।