লংকাঃ সমগ্ৰ ভাৰততে ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে যোগ গুৰু বাবা ৰামদেৱৰ ‘পতঞ্জলি’ কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা ঔষধি তথা অন্যান্য খাদ্য সামগ্ৰীয়ে। অসমতো ইতিমধ্যে উক্ত কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ ঔষধ তথা খাদ্য সামগ্ৰীয়ে গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
পতঞ্জলিৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰী যথেষ্ট উন্নত মানৰ আৰু নিৰ্ভেজাল বুলি গ্ৰাহকে সদায় পতঞ্জলিৰ সুনাম কৰি আহিছে। নিৰ্ভেজাল খাদ্য সামগ্ৰী ক্ৰয়ৰ বাবে পতঞ্জলিৰ দোকান সমূহত গ্ৰাহকৰ সদায় ভিৰ পৰিলক্ষিত হয়। সাম্প্ৰতিক সময়ত বজাৰত বিক্ৰী হৈ থকা ভেজাল খাদ্য সামগ্ৰী খোৱাৰ পৰা ৰক্ষা পোৱাৰ বাবে পতঞ্জলিৰ খাদ্য সামগ্ৰীক একপ্ৰকাৰে বিকল্প হিচাপে ব্যৱহাৰ কৰি আহিছে বহুজনে।