মঙলদৈঃ অসম চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন। এই বিভাগটোতে এতিয়া দুৰ্নীতিয়ে চানি ধৰিছে দৰং জিলাত। শেহতীয়া ভাৱে দৰং জিলাৰ জিলা পৰিষদত হিচাপ পৰীক্ষকৰ নামত চলিছে অবাধ দুৰ্নীতিৰ বেহা।
দৰং জিলাৰ মাজ মজিয়াত অৱস্থিত এখন বিলাসী হোটেলৰ পৰাই চলিছে দুৰ্নীতিৰ বেহা। লক্ষনীয় বিষয় যে চৰকাৰী কাম কাজৰ হিচাপ সমূহ নিয়ম অনুসৰি চৰকাৰী কাৰ্য্যালয়ৰ পৰা হব লাগে যদিও বিলাসী হোটেলত কাম কাজ কৰাৰ বিষয়টো ৰহস্যৰ আৱৰ্তত৷
দৰং জিলাৰ DRDA ৰ অন্তৰ্গত পঞ্চায়ত সমুহৰ ২০১৬ আৰু ২০১৭ বৰ্ষত অডিতৰ বাৱে ৰূপেশ গোৱেলৰ নেতৃত্বত অহা দলটিয়ে দৰঙৰ বিভিন্ন পঞ্চায়তৰ কাম কাজ পৰীক্ষা কৰিবৰ বাৱে মধুবন হোটেলৰ AC ৰুমত পঞ্চায়তৰ সচিবক কাষত বহুৱাই গোপনে চলাইছে অডিতৰ কাম। মঙলদৈ মধুবন হোটেলত ২০৬ আৰু ২০৪ নং ৰুম ভাডাত লৈ AC ৰুমত বহি হোটেলৰ বিচনাত ফাইলৰ দম বান্ধি কম্পিউটাৰ¸ কেলকুলেটৰ লৈ কাম কাজৰ খতিয়ান লৈ থাকোতেই উক্ত স্থানত এটি সাংবাদিকৰ দল উপস্থিত হয়। কেমেৰা দেখি পলাবলৈ চেষ্টা কৰে হিচাপ নিৰীক্ষকৰ দলটো।