Home ৰাজ্যমিছামাৰীত এনডিএফবিৰ ৰঞ্জন গোটৰ সদস্য গ্ৰেপ্তাৰ

মিছামাৰীত এনডিএফবিৰ ৰঞ্জন গোটৰ সদস্য গ্ৰেপ্তাৰ

by News Desk
66 views
A+A-
Reset

মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰিত সেনা-আৰক্ষীৰ অভিযানত জালত পৰিল এনডিএফবিৰ ৰঞ্চন গোটৰ সদস্য৷ জিলা খনৰ বেলশিৰি আৰক্ষী চকীৰ অন্তৰ্গত সোণাই ৰূপাই অভয়াৰণ্যৰ জৌগাপুৰ অঞ্চলৰ জৌৱাঙচাৰ বড়ো নামৰ এনডিএফবি সদস্যজন আটক কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষীয়ে৷

এনডিএফবিৰ সদস্যগৰাকী নিজ ঘৰত থকাৰ খবৰ পোৱা মাত্ৰকে সেনা-আৰক্ষীয়ে নিশা অভিযান চলাই সদস্যজনক আটক কৰে৷ জানিব পৰা মতে, ৰঞ্জন দৈমাৰী গোটৰ সদস্যগৰাকীয়ে ২০১২ চনত এন ডি এফ বিত যোগদান কৰিছিল আৰু সংগঠনটোৰ ৩৮নং বেটেলিয়ানৰ কেডাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল। আৰক্ষীয়ে সদস্যজনৰ পৰা কোনো ধৰণৰ মাৰানাস্ত্ৰ নাপালেও অধিক তথ্যৰ বাবে মিছামাৰী আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0