বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ নগৰ বাসীৰ বাবে সুখবৰ। আজিৰ পৰা বিশ্বনাথ চাৰিআলি পৌৰসভাই মুকলি কৰে নিজা ৱেবচাইট। এই ৱেবচাইটৰ দ্বাৰা বিশ্বনাথ পৌৰ সভাৰ যিকোনো তথ্য, আঁচনি আৰু বিশ্বনাথ পৌৰ সভাৰ অধীনত হোৱা যিকোনো বিষয় বস্তু, উজৰ-আপত্তি, আবেদন-নিবেদন এই ৱেবচাইটৰ দ্বাৰা নিজ ঘৰৰ পৰাই কৰিব পৰা সুবিধা লাভ কৰিব পাৰিব।
এই ৱেবচাইট টি উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আৰু লগতে উপস্থিত থাকে বিশ্বনাথৰ উপায়ুক্তৰ লগতে বিশ্বনাথৰ চক্ৰ বিষয়া, পৌৰপতি, জ্যেষ্ঠ নাগৰিক, জাতীয় দল-সংগঠন। এই ৱেবচাইটটিৰ নামাকৰণ কৰা হৈছে biswanathchariali.com (বিশ্বনাথ চাৰিআলি ডট কম) নামে।