যোৰহাটঃ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰিলে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই৷ চৰকাৰক হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক জেলত ভৰাই থোৱাৰ সময়তে শনিবাৰে যোৰহাটত হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰিলে মনজিৎ মহন্তই৷ অসমীয়া জাতীৰ প্ৰভূত্ব অক্ষুন্ন ৰখাৰ স্বাৰ্থত শনিবাৰে কেবাটাও দল-সংগঠনে যোৰহাটত অনুষ্ঠিত কৰে এখন মত-বিনিময় সভা৷
অসমীয়া জাতীক শক্তিশালী কৰি ৰখাৰ স্বাৰ্থত যোৰহাট জিলা পুথিভড়ালত ৰাজ্য কেবাগৰাকী খিলঞ্জীয়া তথা জাতীয়তাবাদী সংগঠনক একত্ৰিত কৰাৰ লগতে যুৱ প্ৰজন্মৰ সৈতে মুখামুখি হৈ জাতীয় সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় মত-বিনিময় অনুষ্ঠানৰ৷