গুৱাহাটীঃ ৰাজ্যৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সমাৱৰ্তন শনিবাৰে মহানগৰীৰ বেতকুছিৰ ৰয়েল গ্লোবেল শিক্ষানুষ্ঠানত দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায়। প্ৰতি দুবছৰৰ অন্তৰালত অনুষ্ঠিত হৈ অহা অসম সাহিত্য সভাৰ সমাৱৰ্তনৰ মুখ্য উদ্দেশ্যে হ’ল সাহিত্যৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বাচনি কৃত ব্যক্তিক যথোচিত সন্মান প্ৰদান কৰা।
সাহিত্য সভাৰ সৰ্বোত্তম সন্মান “সদস্য মহীয়ান” আৰু পৰম বিশিষ্ট সন্মান “সাহিত্যাচাৰ্য” প্ৰদান কৰা হয় অনুষ্ঠানত।সাহিত্য সভাই ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য, অধ্যাপক উপেন্দ্ৰনাথ শৰ্মা আৰু অধ্যাপক ভবেন বৰুৱাক সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰাৰ লগতে সদস্য মহীয়ান সন্মানেৰে বিভূষিত কৰে ড০ অশোক কুমাৰ গোস্বামীক।