লখিমপুৰঃ পৌৰসভা, গাঁও পঞ্চায়তৰ দুৰ্নীতি নতুন কথা নহয়৷ ব্যাপক দুৰ্নীতি সংঘটিত কৰি গাঁও-চহৰ উন্নয়ণৰ বাবে চৰকাৰে আৱন্টন দিয়া টকাৰ বিষয়া-অভিযন্তাই চানকাঢ়ি কোটি কোটি টকা লুন্ঠন কৰে ৷ কিন্তু এইবাৰ বিপৰীত৷ এইবাৰ ৰাজ্যৰ এখন পৌৰ সভাই ব্যৱসায়ীৰ পৰা জমাকৃত ৰাজহ হৰলুকি কৰাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে ৷ বছৰ বছৰ ধৰি ব্যৱসায়ীৰ পৰা লাভ কৰা ৰাজহৰ কোনো হিচাপ নাই পৌৰ সভাৰ হাতত ৷ পৌৰসভা খনৰ অধিনৰ ব্যৱসায়ীয়ে ৰচিদ লৈ কৰ আদায় দিয়ে যদিও এই সন্দৰ্ভত তথ্য নাই পৌৰসভাৰ কাৰ্যালয়ত৷
এতিয়া প্ৰশ্ন উত্থাপন হৈছে ব্যৱসায়ীয়ে আদায় দিয়া কৰ পৌৰ সভাৰ কোনগৰাকী বিষয়াই খালে৷ এই দুৰ্নীতি ঘটনা সংঘটিত হৈছে লখিমপুৰ পৌৰ সভাত৷ চৈধ্যতা ৱাৰ্ডেৰে গঠিত পৌৰ সভা খনৰ এই কাণ্ড পোহৰলৈ অহাৰ পিছতে চকু কপালত উঠিছে ৰাইজৰ। এগৰাকী আৰটিআই কৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধিনত এক আবেদন যোগে পৌৰ সভাৰ অধিনত কৰ দি ব্যৱসায় কৰি থকা লোহা-ছিঙাৰ ব্যৱসায় সন্দৰ্ভত জানিবলৈ বিছাৰে৷ কিমান গুডাম আছে, অনুজ্ঞাপত্ৰ আছে নে নাই তথ্য বিছাৰি আবেদন কৰিছিল আৰটিআই কৰ্মীয়ে।