নগাঁওঃ নগাঁৱৰ বেবেজীয়াৰ পাৰ্শ্বৱৰ্তী এছ কে বি এলত বিগত বৰ্ষৰ দৰে এইবেলিও অহা ২৯ ছেপ্টেম্বৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্য ক্ৰমণিকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ দিহা কৰা হৈছে৷ এই মৰ্মে দীন বৰুৱাক সভাপতি, সঞ্জীৱ কুমাৰ দেউৰীক কাৰ্যকৰী সভাপতি আৰু লক্ষ্যধৰ মেধীক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷
প্ৰকাশিত কাৰ্যসূচী অনুসৰি ২৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা আসন প্ৰতিষ্ঠা, নাম-প্ৰসংগ আৰু গন্ধৰ্ব বাদন পৰিবেশন কৰা হ’ব৷