55
কামপুৰঃ দুৰ্গা দেৱীক পূজা কৰি নাৰীক শক্তিৰূপে চিহ্নিত কৰাৰ সময়তে ৰাজ্যত এগৰাকী অৱলা নাৰীয়ে স্বামীৰ হাতত প্ৰাণ দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷ ৰাজ্যৰ চৌদিশ দুৰ্গা বন্দনাত ব্যস্ত হৈ থকাৰ সময়তে নগাঁও জিলাৰ কামপুৰত এজন লোকে অসুৰ ৰূপ ধাৰণ কৰি পত্নীক হত্যা কৰে।
নগাঁৱৰ বেবেজীয়া থানাৰ অন্তৰ্গত বৰক’লা পালেংতলিত সংঘটিত হৈছে এই কৰুণ ঘটনা। গাঁওখনৰ ৰাণা বৰদলৈ নামৰ লোকজনে প্ৰায়ে পত্নী সাবিত্ৰী বৰদলৈৰ সৈতে কাজিয়াত লিপ্ত হৈ আহিছিল৷