চাবুৱা/ডিব্ৰুবড়ঃ চৌদিশে এতিয়া নান ৰং৷ চৌদিশে আনন্দ-উলাহ৷ নানা ৰঙৰ সমাহাৰে মানুহক আপোন পাহৰা কৰিছে৷ ৰং-চঙীয়া পূজা মণ্ডপত বিভোৰ হৈ পৰিছে ৰাজ্যৰ মানুহ৷ দোকানে দোকানে পূজাৰ ৰং-চঙীয়া সামগ্ৰী৷ প্ৰায় সংখ্যাকৰ দেহত ৰং-চঙৰ বস্ত্ৰ৷ জিলাপী দোকানত মানুহৰ ভীৰ, খেলনাৰ দোকানত সন্তানক খেলনা কিনি দিবলৈ ভীৰ, থিয়েটাৰ-কথাছবি চাবৰ বাবে মানুহৰ ভীৰ৷
চৌদিশে কেৱল আনন্দ-উলাহৰ মাজত মানুহবোৰ হেৰাই গৈছে৷ কিন্তু তাৰ মাজতো এই ৰঙে চুব পৰা নাই একাংশ লোকক৷ বানপানীত ক্ষতিগ্ৰস্ত এলেকাত একাংশ লোকে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ আজিও থকা ঠাই ডোখৰৰ বাবে বানপানীত ক্ষতিগ্ৰস্ত লোকে ককবকাই থাকিব লগা হয়৷ একাংশ যুৱকে নামি-দামী বাইক লৈ পূজাৰ উলাহত ইফালৰ পৰা সিফালে ঘুৰি ফুৰিছে৷