বেতবাৰীঃ শিৱসাগৰত অগণন ভক্তই দেৱী দুৰ্গাক বিদায় দিলে নৈৰ ঘাটত৷ দুৰ্গা পূজাৰ আজি অন্তিম দিন বিজয়া দশমী৷ প্ৰতিগৰাকী দেৱী ভক্তৰ অন্তৰত শুকুৰবাৰে বাজিল বিৰহ-বেদনাৰ গান৷ চৌদিশে তাল-খোল, শংখ বজাই দেৱী দুৰ্গাক বিদায় দিয়ে লাখ লাখ ভক্তই৷
অশ্ৰুশিক্ত নয়নে দেৱীৰ প্ৰতিমা বিসৰ্দন দিলে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ভক্তসকলে৷ ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণ দিয়াৰ ফলত পূজাৰ আনন্দ কিছু ম্লান পৰে যদিও বিজয়া দশমীৰ বাবে ওলাই আহে দেৱী ভক্ত৷ বিগত বছৰবোৰৰ দৰে এইবাৰো শিৱসাগৰৰ নদীৰ ঘাট সমূহত ভিৰ কৰিছে অগনন ভক্তই।