বটদ্ৰৱা/জাজৰিঃ মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯সংখ্যক জন্মজয়ন্তীৰ আজি তৃতীয় দিনাৰ মূল কাৰ্যসূচী ধৰ্মালোচনী সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে। মূল সভাত অংশগ্ৰহণৰ পূৰ্বে বৰদোৱাৰ মূল কীৰ্তনঘৰত আশীষ লৈ নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰি গুৰুজনাৰ পদশিলা দৰ্শন কৰে ৰাজ্যপালে।
বটদ্ৰৱা থানৰ আকাশীগংগাৰ পাৰৰ সভাগৃহত থান পৰিচালনা সমিতিৰ সভাপতি পৰমানন্দ দেৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মূখ্য অতিথিৰ ভাষণ ৰাখি ৰাজ্যপাল গৰাকীয়ে কয়, ‘‘ভাৰতীয় বৈষ্ণৱ সংস্কৃতি হেজাৰ বছৰ পুৰণি। মহাপুৰুষ শংকৰদেৱে হিন্দু সংস্কৃতিৰ আধাৰত অসমৰ বৈষ্ণৱ সংস্কৃতিৰে সমাজ সংস্কাৰ কৰাৰ লগতে মানুহৰ মাজত প্ৰচাৰ কৰিছিল।’’