ৰঙিয়াঃ বাইক এখন পুখুৰীত পৰি আছে৷ স্থানীয় ৰাইজৰ মাজত হুৱা দুৱা লাগিল৷ বাইক পৰি আছে যেতিয়া কিজানিবা বাইক চালকো পুখুৰীত পৰি যাব পাৰে৷ দুৰ্গা পূজাৰ বতৰত এনেয়েও টেটুলৈকে গিলি এটা চামৰ গাত হুচ নাইকীয়া অৱস্থা হৈ থাকে৷ কিজানিবা তাৰে নিচাতেই কোনো দুৰ্ঘটনা সংঘটিত হৈ বাইক সহ পুখুৰীত পৰি গ’ল৷ তেনে এক সন্দেহতে স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মাজত হুৱা দুৱাৰ সৃষ্টি হ’ল৷
লাহে লাহে এজন দুজনকৈ স্থানীয় লোক পুখুৰীত পাৰত উপস্থিত হৈ সভা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিলে৷ তাৰ মাজতেই কোনোৱা এজনে চিঞৰি উঠিল- ‘পুলিচক খবৰ দে সোনকালে’৷ সকলোৰে মনত উৎকণ্ঠা, কেইজন বা আছিল বাইকখনত!