Home ৰাজ্যশেৱালিৰ চিঠি… কিয় ১০০ টকা খায় ডাক্তৰ বাবুৱে?

শেৱালিৰ চিঠি… কিয় ১০০ টকা খায় ডাক্তৰ বাবুৱে?

by News Desk
59 views
A+A-
Reset

গুৱাহাটীঃ “মই শেৱালি কলিতাই মোৰ ছোৱালী মণিকংকণা কলিতাক যোৱা ২৯ তাৰিখে মূৰৰ বিষ আৰু জ্বৰ উঠি থকাৰ বাবে নাওকাটা PHCত লৈ গৈছিলো৷ প্ৰায় ১০.১৫ বজাত উপস্থিত হৈছিলো৷ সেই সময়ত কোনো ডাক্তৰ উপস্থিত নাছিল৷ কিছু সময়ৰ পিছত মেডিকেলৰ এজন কৰ্মচাৰীয়ে ডাঃ পি তালুকদাৰৰ ৰুমলৈ যাব দিয়ে৷ ডাঃ তালুকদাৰক তেজ পৰীক্ষাৰ কথা সুধিছিলো৷ তেখেতে মোক তেজ পৰীক্ষা কৰিবলৈ মানা কৰিলে৷ আৰু মোক আয়ুস্মান ডায়গনেষ্টিক চেন্টাৰৰ বাইহাটা চাৰিআলিৰ ঠিকনা দিলে আৰু তাতে মণিকংকণাক ইউএছজি কৰিবলৈ কয়৷ আমি দুই তিনিবাৰ তেজ পৰীক্ষাৰ কথা ক’লো। কিন্তু তেওঁ গুৰুত্ব আৰোপ নকৰিলে৷ তেওঁ মোৰ পৰা ১০০ টকা বিচাৰিছে মই এশটকাও দিলো৷ কিন্তু চৰকাৰী মেডিকেলত এশটকা, মই আচৰিত হ’লো৷ তেওঁ উত্তৰত ক’লে মেডিকেল পূজাৰ বাবে দুদিন বন্ধ থাকিব৷ তেওঁ মেডিকেলত প্ৰতিজন ৰোগীৰ পৰা এনেদৰে ১০০ টকা লৈ আছে৷”

আপুনি হয়তো একে উশাহতে কথাখিনি পঢ়িলে৷ আমি কোনো ধৰণৰ সম্পাদনা কৰা নাই কথাখিনিৰ৷ এই কথাখিনি newsnextone.comৰ এগৰাকী সম্পাদকৰ হোৱাটছএপত এখন কাগজত লিখি চিঠি আকাৰে নিজকে শেৱালি কলিতা বুলি পৰিচয় দি প্ৰেৰণ কৰে৷ দীঘলিপাৰ ডাকঘৰ, মহৰিপাৰা বুলি চিঠিখনৰ তলৰ ফালে ঠিকনাও উল্লেখ কৰে৷ চিকিৎসকে উকা কাগজত লিখি দিয়া বিধানপত্ৰখন আৰু ডায়গনেষ্টিক চেন্টাৰৰ নাম থকা পেডখন ফটো মাৰি আমালৈ প্ৰেৰণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0