54
নলবাৰীঃ মানৱতাৰ ধৰ্মই প্ৰকৃত ধৰ্ম৷ এই নিদৰ্শন আগবঢ়াই অসমৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত নলবাৰীৰ বেলশৰৰ দুৰ্গোৎসৱত সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদে সমূহ ভক্তপ্ৰাণ ৰাইজক বিনামূলীয়া কৈ শীতল পানী প্ৰদান কৰে।
আজি সংগঠনটোৱে ভক্ত সকলৰ মাজত প্ৰায় ১০ হাজাৰ লিটাৰ মিলিলিটাৰ পানী বিতৰণ কৰি মানৱতাৰ ধৰ্মক উৎকৃষ্ট ধৰ্ম হিচাপে প্ৰমাণ কৰি দেখুৱায়৷