গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আৰএছএছে অস্ত্ৰ পূজন কৰাই ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ বিজয়া দশমীৰ দিনটোত তথা আৰএছএছৰ প্ৰতিষ্ঠা দিৱসত কণ কণ কিশোৰৰ দ্বাৰা বন্দুক, তৰোৱাল, খুকুৰী, ৰাইফল আদি পূজন কৰাৰ দৃশ্য একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল৷
এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশ লোকে বিজেপি দলক তথা ৰাজ্য চৰকাৰক উভতি ধৰি অখিল গগৈয়ে অস্ত্ৰ লোৱাৰ হুংকাৰ দিয়াৰ পিছতে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰদ্ৰোহ-ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধিনত গ্ৰেপ্তাৰ কৰিলে কিন্তু অস্ত্ৰ পূজা কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লব বুলি প্ৰশ্ন কৰে৷