51
তুলসীবাৰী/ৰঙিয়াঃ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত শনিবাৰে সন্ধিয়া সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈ নগাঁও ডায়েটৰ অধ্যক্ষা শাৰদী ভট্টাচাৰ্য্যই অকাল মৃত্যুক সাৱটি লোৱাত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম ডায়েট বিষয়া সন্থাই৷
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতি যোগে সম্পাদক ভূপেন কুমাৰ দাসে কয় যে ডায়েট আৰু শিক্ষক সবলীকৰণৰ ক্ষেত্ৰত লোৱা বলিষ্ঠ পদক্ষেপে প্ৰয়াত অধ্যক্ষাগৰাকীৰ সক্ৰিয়তা আৰু কৰ্মপটুতাৰ নিদৰ্শন হৈ ৰ’ব৷