ডিজিটেল ডেস্কঃ ২০১৫ চনত পাকিস্তানে ভাৰতক গতাই দিছিল মূকবধিৰ যুৱতী গীতাক৷ ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ তৎপৰতাত পাকিস্তানে ভাৰতৰ হাতত গতাই দিছিল ৰ্দুভগীয়া যুৱতীগৰাকীক৷ পাকিস্তানে গীতাক ভাৰতৰ হাতত গতাই দিয়াৰ দুবছৰ পাৰ হ’ল যদিও গীতাৰ পিতৃ-মাতৃৰ পৰিচয় আজিও উদ্ধাৰ হোৱা নাই৷
বিদেশ মন্ত্ৰী সুষমা স্বৰাজে যোৱা দুটি বছৰে গীতাৰ পৰিচয় তথা পিতৃ-মাতৃৰ ঠিকনা উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সুষমা স্বৰাজে নিজৰ সন্তানৰ দৰে আদৰ কৰি ৰাখিছে গীতাক৷ তাৰ মাজতে ইউটিউবত স্বৰাজে এটি ভিডিঅ’ আপলোড কৰি গীতাৰ ঠিকনা উদ্ধাৰৰ চেষ্টা চলাই৷