গোৰেশ্বৰঃ চিকিমৰ সুউচ্চ থিং চিং খাং শৃংগ যাৰ উচ্চতা ২০,০১৩ ফুট। এই শৃংগ আৰোহণৰ লক্ষ্যৰে আজি ৰাওনা হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ শিখৰ এডভেঞ্চাৰ ক্লাৱৰ পাঁচজনীয়া এটা দল।
এই উপলক্ষে ১ অক্টোবৰত গোৰেশ্বৰত অভিযানকাৰী দলটোৰ যাত্ৰাৰ পূৰ্বে ফ্লেগ অফ কৰে গোৰেশ্বৰ ই ১০ বেটালিয়নৰ চিআৰপিএফ কেম্পৰ অচি প্ৰশান্ত সিংহই। ফ্লেগ অফ কৰি সিংহই দুঃসাহসিক অভিযানকাৰী দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ এনে অভিযানে ৰাজ্যৰ দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰে।