বেতবাৰীঃ টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত পিয়লি ফুকন আঞ্চলিক সমিতিৰ শুকুৰবাৰে এখন সভা অনুষ্ঠিত হয়৷ নাজিৰাৰ ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত সভাত পিয়লি ফুকন আঞ্চলিক সমিতি গঠন কৰা হয়।
টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিগন্ত তামুলীৰ সভাপতিত্ব অনুষ্ঠিত সভাত প্ৰদীপ দিহিঙ্গীয়া আৰু অসীম ৰঞ্জন বুঢ়াগোঁহাইক উপদেষ্টা, জয়দ্বীপ দিহিঙ্গীয়াক সভাপতি, বিনয়জিৎ বৰাক কাৰ্যকৰী সভাপতি, নৱজিৎ হাটীমূৰীয়া আৰু বিকি গগৈক যুটীয়া সম্পাদক হিচাপে লৈ ৬০ জনীয়া পিয়লি ফুকন আঞ্চলিক সমিতি গঠন কৰা হয়।