আমগুৰিঃ ৰাজ্য চৰকাৰে গাঁৱে-ভূঞে মদৰ দোকান দিয়াৰ অনুমতি প্ৰদান কৰাৰ সময়তে ছাত্ৰ সংগঠনৰ মদৰ ব্যৱসায় বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ মদৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবীত টাই আহোম ছাত্ৰ সন্থাই শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এশ ঘন্টীয়া ধৰ্মঘট কাৰ্যসুচীয়ে ৪০ ঘন্টা অতিক্ৰম কৰিলে৷ টাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে শিৱসগাৰ জিলাৰ আমগুৰিত মাদক দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ দাবীত ধৰ্মঘট অব্যাহত ৰাখিছে৷
শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ আমগুৰিৰ হালোৱাটিং অবৈধ মাদকদ্ৰব্য সৰবৰাহৰ মূল ঘাটিত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দৈনিক ৬১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰা হয় অবৈধ অৰুণাচলী সুৰা, গুটখা, ড্ৰাগছকে আদি কৰি বিভিন্ন মাদক দ্ৰব্য৷ আৰক্ষীৰ সন্মুখতে বৃহৎ সমাজবিৰোধী চক্ৰই মাদক দ্ৰব্যৰ ব্যৱসায় চলাই থকা বুলি অভিযোগ উত্থাপন হয়৷ শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ মাজেৰে হালোৱাটিং হৈ নাগালেণ্ডলৈ যোৱা ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথটো মাদকদ্ৰব্য সৰবৰাহৰ কৰিড’ৰ হিচাপে চিহ্নিত হৈ পৰিছে৷