কোকৰাঝাৰঃ নামণিত এতিয়া গুণোৎসৱৰ বতৰ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত গুণোৎসৱৰ বাবে৷ বিগত এমাহত ৰাজ্যত বিভিন্ন প্ৰান্তত শিক্ষকে আত্মহত্যা বা হৃদক্ৰীয়া বন্ধ হৈ শিক্ষকে অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে অহা ১০ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱক লৈ সম্পূৰ্ণ সাজু হৈ পৰিছে কোকৰাঝাৰৰ শিক্ষা বিভাগ।
গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে কোকৰাঝাৰ শিক্ষা খণ্ডই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷ গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি।