বৰপেটাঃ কৃষক মুক্তিৰ নেতাক আৰক্ষীয়ে হত্যা চেষ্টা কৰিছিল৷ বৰপেটা আৰক্ষীৰ এগৰাকী বিষয়াই হত্যা কৰাৰ চেষ্টা চলাইছিল৷ এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ৷ কেৱল ইমানে নহয় কৃষক মুক্তি সংগ্ৰাম চৰকাৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় “অসম চৰকাৰে কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি অখিল গগৈৰ আপোচহীন প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰ-আৰক্ষী”৷
শুকুৰবাৰে বৰপেটা জিলাৰ বৰপেটা সদৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন স্থানীয় নেতাক হত্যাৰ চেষ্টাৰে মাৰ-ধৰ কৰা বুলি অভিযোগ উত্থাপন কৰি এনেদৰে ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷ বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰি দোষী বিষয়াজনৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।