খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ শুকুৰবাৰে অনুষ্ঠিত হয়৷ পশ্চিম কাৰ্বি আংলং ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অধিনৰ জিলা আয়োজক সমিতিৰ উদ্যোগত অনুষ্ঠিত সমাৰোহত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতি থকা আগ্ৰহ তথা প্ৰতিভাৰ বিকাশ কৰা দেখা যায়৷ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান প্ৰদৰ্শনীৰ অন্তত খেৰণিস্থিত খেৰণি বালিকা উচ্চতম মাধ্যমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সভাপতি অতুল শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পশ্চিম কাৰ্বি আংলং জিলা সম্বনয়ক বিৰেণ ডেকাই৷ বৃহত্তৰ খেৰণি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰকাৰৰ বিজ্ঞানভিত্তিক প্ৰকল্প উপস্থাপন কৰা সমাৰোহত বিছাৰক হিচাপে উপস্থিত থাকে যাদৱ নাথ, সুনীল বুঢ়াগোহাই, গোলাপ দাস, নৱ কুমাৰ ভৰালীয়ে৷ আনহাতে কনক দেউৰী আৰু মোহন ইংতিয়েও সমাৰোহখনক সফল্যমণ্ডিত কৰাত সহায়-সহযোগ আগবঢ়ায় ৷