ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে কোনোবা নহয় কোনোবা ঠাইত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হয়৷ নাৰীক যেন আজিও সন্মান দিব নাজানে একাংশ পুৰুষে৷ শেহতীয়াকৈ কলকাতাত সংঘটিত এটি ঘটনাই ইয়াকে প্ৰমাণ কৰে৷ তাৰ মাজতে কলকাতাৰ এটি ঘটনাই জগাই তুলিছে দেশৰ সচেতন মহলক৷ জানিব পৰা মতে, মোবাইলত মেচেজ দি অগ্নিশ্বৰ চক্ৰবৰ্ত্তী নামৰ এজনে যুৱকে অশ্লীল ভাষাৰে আক্ৰমণ কৰে এগৰাকী যুৱতীক৷
কলকাতা চহৰৰ যুৱকজনে অশ্লীল ভাষাৰে গালি-গালাজ কৰিয়ে ক্ষান্ত নাথাকি ধৰ্ষণ কৰাৰ ভাবুকি প্ৰদান কৰে যুৱতীগৰাকীক৷ যুৱক জনৰ এনে কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ বহু লোকে ছচিয়েল মিডিয়াক মাধ্যম হিচাপে ললে৷ ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে ভাইৰেল হৈ পৰে এই খবৰ৷মানুহৰ এনে আচৰণ সমাজৰ বাবে ক্ষতিকাৰক আখ্যা দিয়ে হাজাৰ হাজাৰ লোকে ছচিয়েল মিডিয়া যোগে৷ ছচিয়েল মিডিয়া ব্যাপক জনমত গঠন হয় এই ঘটনাৰ বিৰুদ্ধে৷