ডিজিটেল ডেস্কঃ প্ৰত্যেক পিতৃ-মাতৃয়ে বিচাৰে নিজৰ সন্তানটো ধুনীয়া আৰু গৌৰ বৰ্ণৰ হোৱাটো৷ কিয়নো আমাৰ সমাজত ক’লা মানেই অসুন্দৰ বুলি ধৰি লোৱা হয়৷ সাধাৰণতে আমাৰ সমাজখনত ক’লা ৰঙৰ মানুহখিনিক দুখীয়া আৰু নীচ জাতিৰ বুলিয়ে গন্য কৰা হয়৷ এয়া আমাৰ মনৰ এক অঘোষিত ধাৰণা হিচাপেই প্ৰতিফলিত হৈ আহিছে৷
কিন্তু এনে এখন ঠায়ো আছে, য’ত বগা হৈ জন্ম লোৱাটো এটা ঘৃণনীয় অপৰাধ বুলি মানি চলা হয়৷ এই অঞ্চলত যদি কোনোবা শিশু গৌৰ বৰ্ণেৰে জন্মগ্ৰহণ কৰে, তেন্তে তাক পৰিয়ালটোৰ বাবে অভিশাপ বুলি ধৰি লোৱা হয়৷ অৱশ্যে এই ঠাই খন আফ্ৰিকা অথৱা নিউজেলেণ্ডত নাই৷ এই ঠাইখন আছে ভাৰতবৰ্ষতে৷