ৰঙিয়াঃ ৰাজ্যজুৰি গুণোৎসৱ চলি থকাৰ মজতে ৰঙিয়াত ঘটিল অঘটন৷ প্ৰখৰ ৰ’দত প্ৰাৰ্থনা কৰাৰ মুহূৰ্তত ১৫ গৰাকী ছাত্ৰী অসুস্থ হৈ পৰাত হাহকাৰ লাগে। ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই অসুস্থ ছাত্ৰী কেইগৰাকীক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
জানিব পৰা মতে, ৰঙিয়াৰ পিতাম্বৰ হাটবজালী হাইস্কুলত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব গুণোৎসৱ৷ যাৰ বাবে বুধবাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষকে চলায় শেষ প্ৰস্তুতি। প্ৰখৰ ৰ’দত ছাত্ৰী-ছাত্ৰী সকলক শাৰিপাতি প্ৰাৰ্থনা কৰিবলৈ অনুশীলন কৰিব দিয়া হয়।