তেজপুৰঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ভাললৈ আহিছে কংগ্ৰেছৰ দিন৷ ইমান দিলে কংগ্ৰেছৰ নেতা কৰ্মী দল সলাই অন্য দলত যোগদান কৰিছিল৷ কিন্তু এইবাৰ কংগ্ৰেছত যোগদান কৰিলে অন্য দলৰ প্ৰায় ছয় শতাধিক নেতা-কৰ্মীয়ে৷ শোনিতপুৰ জিলাৰ বালিপৰাৰ ওঠৰ মাইলত বুধবাৰে কংগ্ৰেছৰ এখন সভাত AIUDF অাৰু তৃণমুল কংগ্ৰেছ দলৰ প্ৰায় ছয় শতাধিক কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে।
মঙলবাৰে ওঠৰ মাইলত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন জনসভাত AIUDF দলৰ শোনিতপুৰ জিলাৰ কাৰ্যকৰি সভাপতি ৰহিমুদ্দিন অালীয়ে প্ৰায় ছয় শতাধিক নেতা কৰ্মীৰ সৈতে কংগ্ৰেছ দলত যোগদান কৰে৷ তদুপৰি তৃণমূল কংগ্ৰেছৰ শোনিতপুৰ জিলাৰ সভাপতি ভবানন্দ ডেকাই লগত ডেৰ শতাধিক কৰ্মীসহ নিজ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে।