খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতিৰ মাষ্টাৰ মাইণ্ড ৰফিকুল ইছলাম সহ মজিদ আলী আৰু খলিল আলীক দলগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ ডকাইতৰ দলটোৰ পৰা দুটা হস্ত নিৰ্মিত কাঠৰ বন্দুক, দুযোৰ সেনাৰ পোচাক, দুটা টুপী, নগদ ১৮ হাজাৰ টকা আৰু ৫ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, ৯ অক্টোবৰৰ পুৱতি নিশা দলগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মুছলিম উদ্দিন আহমেদৰ ঘৰৰ খিৰিকী ভাঙি প্ৰৱেশ কৰা সেনাৰ পোচাকত পৰিহিত তিনিজনীয়া ডকাইতৰ দলটোৱে হস্ত নিৰ্মিত বন্দুক দেখুৱাই লুটি নিছিল নগদ ১ লাখ ২৫ হাজাৰ টকাৰ লগতে মূল্যৱান আ-অলংকাৰ।