নলবাৰীঃ খোদ আৰক্ষীৰ ঘৰতে চোৰৰ সফল মিচন। দিন দুপৰতে নলবাৰী চহৰৰ খাটত সংঘটিত হল চুৰিকাৰ্য্য। চিনেমাৰ কায়দাৰে ঘৰৰ গ্ৰীল ভাঙি চোৰে লুটিলে নগদ ধন সহ প্ৰায় দুই লাখ টকাৰ সম্পত্তি। নলবাৰী জেইলৰ জেইলাৰ জগদীশ ডেকাৰ ঘৰত বুধবাৰে দুপৰীয়াৰ ভাগত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান।
ঘৰৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰৰ দলটোৱে। আৰু ইয়াৰ পিছত চোৰে এফালৰ পৰা লুটি লৈ চিনেমাৰ কায়দাৰে পিছফালৰ খিৰিকীৰ গ্ৰীল ভাঙি পলায়ণ কৰে। চোৰে লুটি লৈ গ’ল নগদ ষাঠি হাজাৰ টকা সহ সোণৰ আ-অলংকাৰ আৰু কাপোৰ।