কোকৰঝাৰঃ কোকৰাঝাৰ জিলাত মঙলবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ জিলা খনৰ পৰ্বতঝোৰা, গোসাইগাঁও, কচুগাঁও, দোতমা আৰু কোকৰাঝাৰকে ধৰি পাঁচটা শিক্ষাখণ্ডত ১৪০টা মণ্ডল সমল কেন্দ্ৰৰ সৰ্বমুঠ ১৭৯৭ খন বিদ্যালয়ৰ ৯৮,৮৮৮ জন ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব৷
জিলাখনত গুণোৎসৱত ২৯০ গৰাকী লিয়াচন অফিচাৰ, বহিঃ মূল্যায়ক ৬৩২ গৰাকীৰ ভিতৰত ধুবুৰীৰ ২২৮, চিৰাঙৰ ৫৮, কোকৰাঝাৰৰ ৩৪১জন আৰু সংৰক্ষিত বহিঃ মূল্যায়ণৰ বাবে ৬৬ জনক নিয়োগ কৰা হয়৷ ১১ অক্টোবৰত ৩৯,৯৬৫ জন, ১২ অক্টোবৰত ৩০,৯৪৯ জন, ১৩ অক্টোবৰত ২৭,৯৭৪ জন ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱৰ পৰীক্ষাত অংশগ্ৰহণ কৰিব৷