ধিংঃ নগাঁও জিলাৰ ধিংত প্রকাণ্ড ৰভাতলীত ছাত্ৰ-ছাত্ৰ, শিক্ষক। আপুনি ৰভাতলী প্ৰত্যক্ষ কৰি ভাবিব পাৰে বিবাহৰ এই আয়োজন। তেন্তে আপুনি ভুল ভবিব কিয়নো প্রকাণ্ড ৰভাতলীত দৰাও কইনাও নাই। আছে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্রী।
পিছে এই সকল ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়ত্রীয়ে বিদ্যালয় এৰি ৰভাতলীত কিয়? দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱ উপলক্ষে ৰাজ্যৰ ১২ খনকৈ জিলাৰ বিদ্যালয়সমূহ এতিয়া ন-ৰূপেৰে সজাই তোলা হৈছে। জুৰীয়া প্রাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত এখন জৰাজীৰ্ণ বিদ্যালয়ত বৰ্তমানে জলমগ্ন হৈ থকাত ওখ ঠাইত ৰভা দি গুণোৎসৱ অনুষ্ঠিত কৰিব লগা হয়।