ডিজিটেল ডেস্কঃ সংকটত পৰিব নেকি তৃণমূল কংগ্ৰেছ৷ পশ্চিম বংগৰ শাসন ভাৰ দখল কৰি থকা দলটোৰ পৰা কেবাগৰাকী বিধায়ক ওলাই গৈ বিজেপিত যোগদান কৰিব বুলি খবৰ প্ৰচাৰ হৈ থকাৰ সময়তে বুধবাৰে দল আৰু ৰাজ্যসভাৰ সাংসদ পদ এৰিলে দলৰ এগৰাকী জ্যেষ্ঠ নেতাই৷ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল ৰায়ে সংগ এৰিলে মমতা দিদিৰ। মমতা দিদিৰ সংগ এৰি কোন দলত যোগদান কৰিব সেই কথা এতিয়ালৈ স্পষ্ট কৰা নাই মুকুলে।
মুকুলে অন্তৰত যন্ত্ৰণা লৈ তৃণমুল দল এৰা বুলি কয়। আনহাতে মুকুলকো তৃণমুলৰ প্ৰধান সম্পাদক প্ৰাৰ্থ চট্টপাধ্যায়ে আক্ৰমণ কৰি বাংলা বাছিল বুলি কটাক্ষ কৰে। বুধবাৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ হাতত ৰাজ্য সভাৰ পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে মুকুলে। ২৫ ছেপ্তেম্বৰত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল তেও। হৃদয়ত গভীৰ যন্ত্ৰণা লৈ এই সিন্ধান্ত লোৱা বুলি কৈছিল নেতাগৰাকীয়ে।