গুৱাহাটীঃ অষ্ট্ৰেলিয়া আৰু ফিফা বিশ্বকাপৰ লগতে এইবাৰ গুৱাহাটীত উপস্থিত হ’ব ঐতিহ্যমণ্ডিত ইষ্ট বেংগল ক্লাব। ইউনাইটেড ব্ৰাদাৰ্ছে ২ নৱেম্বৰ পৰা ৫ নৱেম্বৰলৈ ৪ৰ্থ বৰ্ষৰ বাবে জজ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ওলোৱা ডালমিয়া চিমেন্টছ সদৌ ভাৰত ভেটাৰেন ফুটবল চেম্পিয়নত ভাগ লবলৈ আহিব এই ইষ্ট বেংগল দলটো।
অৱশ্যে মূল নহয়, ৪০ ঊৰ্ধৰ এখন প্ৰতিযোগিতাতহে অংশগ্ৰহণ কৰিব আহিব দেশৰ আগশাৰীৰ দলটোৰ বয়স্ক খেলুৱৈ সকল। এইবাৰৰ প্ৰতিদ্বন্দিতাত নামিব ভূটান, নাগালেণ্ড, মণিপুৰ, কোকৰাঝাৰ, দিল্লী, শিলচৰ আদিৰ প্ৰবীন খেলুৱৈ সকলে।