নলবাৰীঃ ‘‘কোনো মৃত্যুকে সহজে গ্ৰহণ কৰিব নোৱাৰো। চৰকাৰে এইক্ষেত্ৰত এটা ব্যৱস্থা লব লাগে। অৱশ্যে চৰকাৰে আৰম্ভ কৰা তদন্তৰ ৰিপৰ্ট এতিয়ালৈকে মই গম পোৱা নাই। লগতে ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ বাবে চৰকাৰে উচিত ব্যৱস্থা লব লাগে।” বুধবাৰে নিশা নলবাৰীত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰপেটা মেডিকেল কলেজৰ ICUত নৱজাতকৰ মৃত্যু প্ৰসংগত এইদৰে মন্তব্য কৰে।
বৰপেটা জিলাৰ বাঘবৰত সংখ্যালঘুৰ এক সভাত অংশ লৈ গুৱাহাটীলৈ উভতি আহোতে নলবাৰীৰ প্ৰণীতা ৰেষ্টুৰেন্টত দলীয় সতীৰ্থ সকলৰ সৈতে এক চাহ মেলত ভাগ লয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস সহিতে দলীয় কৰ্মী সকলৰে সৈতে ৰেষ্টুৰেন্টখনত চাহৰ সোৱাদ লোৱাৰ লগতে কিছু দলীয় আলোচনা কৰে নলবাৰী জিলা অগপৰ কৰ্মী সকলৰ সৈতে। আনহাতে, কফি মিঠাই খোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীয়ে কওঁ নকওঁকৈ প্ৰকাশ কৰিলে বহু কথা। কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি মহন্তই কয়- ‘‘গ্ৰেপ্তাৰে কোনো সমস্যাৰ সমাধানৰ পথ নহয়’’।