নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত বলেন বৰাৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ ৫০ হাজাৰ

Home ৰাজ্যনগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত বলেন বৰাৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ ৫০ হাজাৰ

নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত বলেন বৰাৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ ৫০ হাজাৰ

by News Desk
53 views
A+A-
Reset

নগাঁওঃ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, সমাজ সচেতক ‘কলংপাৰ’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক তথা আপকুৰ নগাঁও জিলা সমিতিৰ সভাপতি সদ্য প্ৰয়াত বলেন বৰাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়াইছে আৰ্থিক সাহায্য৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ আবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে প্ৰয়াত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পত্নী জ্যোতিৰেখা বৰালৈ ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়ায়৷

মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে আপকুৰ নেতৃত্বক এই কথা জানিবলৈ দিয়ে৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিং, কাৰ্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান হেমন্ত শইকীয়াই সাংবাদিকগৰাকীৰ দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীক ধন্যবাদ যাচে৷ উল্লেখ্য, যোৱা ৯ অক্টোবৰত ৫৮ বছৰ বয়সত এক জটিল ৰোগত আক্ৰান্ত হৈ সাংবাদিক বলেন বৰাই অকাল মৃত্যুক আকোৱালি লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0