মঙলদৈঃ দুৰ্যোগ প্ৰশমনৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যখনৰ অনান্য জিলাৰ লগতে দৰঙতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস। ৰাতিপুৱা ৮ বজাত সমুহীয়া চাফাই অভিযানৰ পিছত দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে দুৰ্যোগ শংকা প্ৰশমন দিৱসৰ শোভাযাত্ৰা উদ্বোধন কৰে৷ শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক লোকে অংশগ্রহণ কৰে।
আজি মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত NDRF, SDRF, অসামৰিক প্ৰতিৰক্ষা, স্বাস্থ্য বিভাগ তথা বিভিন্ন চৰকাৰী-বেচৰকাৰী বিভাগৰ দ্বাৰা দুৰ্যোগ শংকা প্ৰশমনৰ আখৰা প্ৰদৰ্শণ কৰে।